পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৫
সটীক নামঘোষা


স স্নাতঃ সৰ্ব্বতীৰ্থেষু, সৰ্ব্বজ্ঞেষু দীক্ষিত।
সৰ্ব্বদান ফলং প্ৰাপ্তো বস্তু সংকীৰ্ত্তয়েদ্ধৰিং॥৮৫

[৮৫]

সমস্ত তীৰ্থত স্নান  কৰিলেক সৰ্প যজ্ঞে
 দীক্ষিত ভৈলেক যিটো জন।
সমস্ত দানৰ ফল  সি সি জনে পাইলে আতি
যিটো কৰি হৰিৰ কীৰ্ত্তন॥

 যি মানুহে একান্ত মনে হৰিৰ নাম-গুণ কীৰ্ত্তন কৰে, তে সকলো তীৰ্থত স্নান কৰাৰ, বিবিধ যাগ-যজ্ঞ দীক্ষা গ্ৰহণ কৰি নানা তপ-জপ আচৰণ কৰাৰ আৰু গৰু, সোণ, দাস-দাসী, তুমি আদি দান কৰাৰ ফল লাভ কৰে অৰ্থাৎ যিজনে হৰি-কীৰ্ত্তন কৰে, তেওঁহে সমস্ত তীৰ্থত স্নান কৰিলে, সৰ্ব্ব জগতত দীক্ষিত হল আৰু সমন্ত দানৰ ফল পালে।

কৃষ্ণ কৃষ্ণেতি কৃষ্ণেতি যে মাং স্মৰন্তি নিত্যশ।
জলং ভিত্বা যথা গল্প নৰকাদুদ্ধৰাম্যধ্ম্‌॥৮৬

[৮৬]

মাধৱে বোলন্ত মোক  কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি
 সদায় সুমৰে যিটো জনে।
জল হন্তে যেন পদ্ম নৰকৰ পৰা তাক
 আপুনি উদ্ধাৰো ৰঙ্গমনে॥