পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৪
সটীক নামঘোষা


 ভগৱন্ত এনে প্ৰকাশ নোহাৱা আৰু মাহাত্ম্যপূৰ্ণ, যে বেদেও কৈ অন্ত কৰিব পৰা নাই, তথাপিও কিন্তু তেওঁ নিজ কীৰ্ত্তনৰ বশ অৰ্থাৎ একান্ত মনে তেওঁক ভবিলে ভাবোঁতাৰ হৃদয়ভ দেখা নিদি নোৱাৰে। এই নিমিত্তে সকলোৰে সহায় ঈশ্বৰৰ নাম-গুণ কীৰ্ত্তন কৰা উচিত; সকলোবোৰে ধৰ্ম্ম-শাস্ত্ৰৰ গূঢ় তত্ত্ব বা সাৰ মৰ্ম্ম এয়ে।

[৮৪]

হৰি ভক্তি সৰোবৰে  সন্তোষ অমৃত জলে
 কৃষ্ণ পদ-পদ্ম প্ৰকাশয়।
ৰাম নাম ৰাজহংস  ছানিয়া আৰাৱ কৰে
 শুনি বৰ কৌতুক মিলয়॥

 যিদৰে পুখুৰীত পানী থাকে, সেইদৰে ভক্তৰ হিয়াত ভক্তি ৰস জন্মে আৰু ভক্তৰ মনত সন্তোষ ভাৱ উদয় হয়; পুখুৰীৰ পানীত বি দৰে পদ্মফুল ফুলে, ভক্তৰ ভক্তিভাৱ গাঢ় হলে সেইদৰে ঈশ্বৰে দেখা দিয়ে; পুখুৰীত ৰাজহাঁহ পৰি পদুমৰ চাৰিওফালে যিদৰে কল কল শব্দ কৰি ঘুৰি ফুৰে, সেইদৰে ভক্তৰ অন্তৰত ঈশ্বৰে দেখা দিলে ভক্তে উচ্চাৰণ কৰা বা মনতে লোৱা ৰাম-নামৰ ধ্বনি হৃদয়ত বাজি উঠে; [ ভক্তৰ অন্তৰত ভক্তিভাৱ জন্মিলে ভক্তে ভগৱানক হিয়াত অনুভৱ কৰিব পাৰে, সেই সময়ত নাম চেতন হয়; আৰু ওক্তে সেই নামৰ ধ্বনি শুনিবলৈ পায়।]