পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
সটীক নামঘোষা

 ভগৱানে শাস্ত্ৰত কৈছে :— পানীত জন্মা পদ্ম যেনে লোকৰ প্ৰিয়, আৰু সেই মনোমোহা পদ্মফুল যিদৰে মানুহে নানা যত্ন কৰি পানীৰপৰা আনে, সেইদৰে যিলোকে সদায় মোক কৃষ্ণ কৃষ্ণ বুলি স্মৰণ কৰে অৰ্থাৎ একান্ত মনে মোৰ নাম লয়, সেইবিলাকক পানীৰপৰা পদ্মফুল অনাৰদৰে নৰকৰপৰা ( বিষয় বাসনাৰপৰা) নিজে আনন্দ মনে উদ্ধাৰ কৰি মোৰ লগলৈ আনোঁ অৰ্থাৎ মুক্তি দিওঁ।

অতি মহা প্ৰভাৱা পৰস যোগিনী বিষ্ণু ভক্তিঃ।
সাপি যদি কৰিনা বিৰল প্ৰসাৰিতা, তথাপি
তপবলোকিতান্ লোকান্ বয়মম্বপ্যৰলোকয়ামঃ॥

(৮৭-৮৮)

[৮৭]

যদ্যপি দুৰ্জ্জন কলি  হৰিৰ ভকতি পথ
 কৰিলেক বিৰল প্ৰচাৰ।
একান্ত শৰণ যিটো  শ্ৰৱণ-কীৰ্ত্তন কৰে
 ওচৰো নাচাপে কলি তাৰ॥

 মিছা, বেশ্যা, খং, হিংসা আদি পূৰ্ণ কলিকালত, যদিও ঈশ্বৰ ভক্তি প্ৰচাৰ বৰ কম অৰ্থাৎ অতি কম লোকেহে ঈশ্বৰক আচলকৈ ভক্তি কৰিব পাৰে, তথাপি যি মানুহে একান্ত ভাৱে ঈশ্বৰত শৰণ লৈ তেওঁৰ নাম-গুণ, শ্ৰৱণ-কীৰ্ত্তন কৰে; সেইলোকৰ ওচৰলৈ কলি আহিব নোৱাৰে অৰ্থাৎ কলিৰ পাপবোৰে সেই লোকক ভ্ৰষ্ট কৰিব নোৱাৰে।