পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮০
সটীক নামঘোষা


[৭৭]

হৰি-কীৰ্ত্তনৰ মহা আনন্দ-সুখক আশে
সটীক নামঘোষাকতো কতো সব মহাজনে।
মুকুতি সুখক তেজি 
মহন্তজনৰ সঙ্গ
 খোজে আতি কৃষ্ণৰ চৰণে॥

মুকুতি সুখ- জীৱে মুক্তি  পালে জন্ম-মৃত্যুৰপৰা  পোৱা দুখৰ হাত  সাৰে;৷ গতিকে মুক্তি দুখ- সুখৰ এটা অভীত অৱস্থা  হলেও, ইয়াত সংসাৰ-দুখ  নথকাত সুধ বুলিব পাৰি। ভগৱানৰ নাম-গুণ, শ্ৰৱণ-কীৰ্ত্তন কৰিলে মনত অপাৰ আনন্দ লাগে; বহুত সাধুৱে এই আনন্দ-সুখক আশা কৰি, মুক্তিলৈও পিঠি দি সদায় হৰি-কীৰ্ত্তন কৰি ভক্তি-ৰস পাবৰ অৰ্থে, ঈশ্বৰৰ ওচৰত সাধুৰ সঙ্গহে কামনা কৰে।

[৭৮]

কিন্তু ইটো মহা ধৰ্ম্ম মাধৱৰ জন্ম কৰ্ম্ম
 বেদে যাৰ নাজানে মহিমা।
হৰি নাম কীৰ্তন  মিলে মোক্ষ আদি যত
 কীৰ্ত্তন সুখৰ নাহি সীমা॥

 বেদে যাৰ মহিমা নাজানে অৰ্থাৎ কৈ শেষ কৰিব পৰা নাই, সেই ) মাধৱৰ জন্ম-কৰ্ম্মই কিন্তু (বস্তুত:) মহাধৰ্ম; মোক্ষ আদি য'ত আছে, সকলো হৰি-কীৰ্ত্তনত মিলে, কীৰ্ত্তন সুখৰ সীমা নাই।].