পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৮৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
সটীক নামঘোষা

ভগৱন্তৰ মহিমা বেদে প্ৰকাশ কৰিব পৰা নাই অৰ্থাৎ ভগৱন্তৰ স্বৰূপ কি, তেওঁৰ কৰ্ম্মই বা কি, এইবোৰ বেদতে সম্পূৰ্ণৰূপে প্ৰকাশ হোৱা নাই [ভগৱান এনে অব্যক্ত বস্তু।] কিন্তু ভগৱানৰ অৱতাৰৰ যিবোৰ লীলা চৰিত্ৰ আছে, সেইবোৰ কথন-মথন আলাপন আদি কীৰ্ত্তনেই মহা ধৰ্ম্ম। তেওঁৰ নাম-কীৰ্ত্তন কৰিলে ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ আদি সকলো লাভ হয়; আৰু মনতো অপাৰ আনন্দ লাগে।

[৭৯]

মধুৰৰো সুমধুৰ হৰিৰ-কীৰ্ত্তন ৰস
 মঙ্গলৰো পৰম মঙ্গল।
এতেকেসে মুকুতিকো ত্যজি হৰি-গুণ গাই
 ফুৰে মহা মহন্তসকল।

 হৰিনাম-কীৰ্ত্তন কৰোঁতে কৰোঁতে যি আনন্দ জন্মে, সি অতি মধুৰ আৰু তেওঁৰ নাম-কীৰ্ত্তন কৰিলে সংসাৰৰ দুখ-কষ্টেও মানুহক পীড়িব নোৱাৰে, সেয়ে সি অতি মঙ্গলদায়কো; এই কাৰণে সাধুসকলে মুক্তিকে কামনা নকৰি কেৱল তেওঁৰ নাম-কীৰ্ত্তন কৰি কাল কটায়।

[৮০]

পৰম নিপুণ সবো বুজিয়া শাস্ত্ৰৰ তত্ত্ব
 হৰি-পদ-পঙ্কজে ভজিয়া।