পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৯
সটীক নামঘোষা


ইচ্ছসি চেদ্‌যদি ভৱ ভয়ভঙ্গং কুৰু সততং ভো সজ্জন সঙ্গং ক্ষণমপি সজ্জল সঙ্গতিকে। ভবতি ভৰাৰ্ণৰ তৰণে নৌকা॥(৭৮-৮০)

[৭৬]

যদি ভৱ-ভয় ভঙ্গ মনে ইচ্ছা কৰা ভাই  সাধু সঙ্গ সদা কৰা সাৰ। একক্ষণ মানে মাত্ৰ কেৱল সাধুৰ সঙ্গ  হোৱে নাও ভৰ তৰিবাৰ॥

ভৱ-সংসাৰ। ভয়-সংসাৰ ভয়, জন্ম-মৃত্যুৰ ভয়, সংসাৰত পুনঃ পুনঃ জন্মি-মৰি নানাৰূপ লালাট ভুঞ্জিবৰ ভয়। ভৱ-ভয়-ভঙ্গ-ভয়ৰ নিবাৰণ।

 হে ভাই, যদি তুমি সংসাৰৰ জন্ম-মৃত্যুৰ ভয়ৰপৰা উদ্ধাৰ হবলৈ লগৰীয়া বা সহায় বিচৰা অৰ্থাৎ যদি তুমি মুক্তি লাভ কৰিবলৈ সহায় লাগে বুলি ভাবা, তেন্তে সদায় সাধুৰ আশ্ৰয় লোৱা। কিয়নো অলপ সময় সাধুৰ আশ্ৰয়ে সংসাৰসাগৰ পাৰ হোৱা নাওৰ দৰে হয় অৰ্থাৎ অলপ সময় সাধুৰ লগত থাকি তেওঁৰপৰা উপদেশ লৈ তেওঁৰ আৰ্হিৰে চলিলে লোকে মুক্তি লাভ কৰিব পাৰে; [ এতেকে এনে হেন স্পৰ্শ-মণি স্বৰূপ সাধুৰ লগত সদায় থাকিবলৈ নিশ্চয় কৰা।]