পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
সটীক নামঘোষা


বিনোদ-আমোদিত কৰা, আনন্দদায়ক।

 হে ভগৱান, ব্ৰহ্মাণ্ডত যত বস্তু দেখোঁ সকলোবোৰ অস্থায়ী আজি আছে কালি নাই, কেৱল মাত্ৰ তুমিয়েই স্থায়ী বা সত্য বস্তু, তোমাৰ জন্ম-মৃত্যু নাই; তুমি চৈতন্যৰূপ—তুমি জগতজুৰি থকাৰ কাৰণে প্ৰাণী আৰু উদ্ভিদ আদিৰ জন্ম আৰু বৃদ্ধি দেখিছোঁ। অতি সূক্ষ্মভাৱে বিশ্ব জুৰি থকাৰ কাৰণে তোমাক খণ্ড খণ্ড কৰি ভাগো কৰিব নোৱাৰি আৰু প্ৰভু, তুমি জ্ঞানৰূপ অৰ্থাৎ ভক্তৰ অন্তৰত তোমাৰ যি বোধ হয়, সেই বোধ বা জ্ঞানেই তুমি; ইয়াৰ উপৰিও বিশ্বত যিবোৰ গছ, লতা, বাণ, দেৱ, দেৱী, চন্দ্ৰ, সূৰ্য্য, তৰা আদি দেখোঁ, সকলো তোমাৰ মায়াৰপৰাই হোৱা; ( গতিকে) চাৰিওফালে যত দেখে সকলোবোৰ প্ৰভু, তোমাৰেই আনন্দদায়ক ৰূপকে দেখিবলৈ পাওঁ অৰ্থাৎ সকলোবোৰ তোমাৰেই মোহন লীলা।

[ ৭৪ ]

তবু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ
 আৱৰ সমস্তে গুণময়।
এতেকে জানিয়া হৰি  তোমাৰ নামক মাত্ৰ
 কৰিলোহো সাৰ কৃপাময়॥

 হে হৰি, তুমি সত্ত্ব, ৰজ, তম তিনি গুণৰ অতীত; তোমাৰ নাম-গুণ শ্ৰৱণ-কীৰ্ত্তন কৰিলে এই তিনি গুণৰ হাত সাৰি সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰি। অন্যান্য দেৱ-দেৱীসকলৰ গুণময় গতিকে দেৱ-দেৱীৰ পূজা-সেৱা সকলো গুণময় অৰ্থাৎ সেইবিলাকক