পূজা কৰিলে তিনি গুণৰ হাত এৰাব নোৱাৰাৰ ফলত ভোগ-সুখহে
মিলে, গতিকে জন্ম-মৃত্যুৰ হাত এৰাব নোৱাৰি জীৱে স্বৰ্গ-নৰক
ঘূৰি ফুৰে। সেই কাৰণে হে সৰ্ব্বদুখ হৰণ কৰোঁতা কৃপাময় হৰি,
মই ইয়াক বুজিব পাৰি, তোমাৰ নামকে নিশ্চয় কৰিলোঁ। অৰ্থাৎ
তামাৰ নাম-গুণ, শ্ৰৱণ-কীৰ্ত্তন কৰাকে সাৰ কৰি ধৰিলে।
[৭৫]
কৃষ্ণ পদ পঙ্কজৰ সেৱাৰ মহিমা কথা
শুনি বৰ আনন্দ মিলয়।
যাৰ ভকতৰ সঙ্গে
সৰ্ব পুৰুষাৰ্থ শিৰে চৰি অতি কৌতুক কৰয়।
পঙ্কজ-পদ্ম পদ-পঙ্কজ-পদ্ম-পত্ৰৰ চিন থকা পদ। চৰি—উঠি। পুৰুষাৰ্থ শিৰে-পুৰুষাৰ্থৰ মূৰত। পুৰুষাৰ্থ-ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ।
ভগৱন্তৰ পদ সেৱাৰ ফলৰ কথা শুনিলে মনত বৰ আনন্দ লাগে; তেওঁৰ পদ সেৱাৰ ইমান মাহাত্ম্য যে-ই (সেই মাহাত্ম) ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চাৰি পুৰষাৰ্থৰ মুৰত উঠি আনন্দ কৰে অৰ্থাৎ ভক্তসকলে নাম মাহাত্ম্য- জানি সেই চাৰি পুৰুষাৰ্থকো তুচ্চ ভাৱ কৰে, তেওঁলোকৰ সংসাৰত ৰাম নাম ভিন্ন আৰু লোভনীয় বস্তু একো নাথাকে।