পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
সটীক নামঘোষা

তোমাৰ চৰণে হৰি  শৰণ পশিয়া সাৰ
 কৰিলোহো তোমাৰ নামক॥

 [ অবিদ্যা বা মায়া ভগৱানৰ সৃষ্টি; ভগৱানৰ মায়াৰ দ্বাৰাই এই জগতৰ উদ্ভৱ হৈছে, যেন এৱাঁগাখীৰ দৈ মাৰা। মায়াত হোৱা বস্তুবোৰ স্থায়ী নহয়—আজি আছে কালি নাই; চিৰকাল থকা সত্য বস্তু মাত্ৰ ভগৱান, সমস্ত বিশ্বত বায়ুতকৈ সূক্ষ্ম ভাৱে তেওঁ আছে।] হে হৰি, তোমাৰ মায়াৰপৰা হোৱা এই বৰবোৰ সঁচা বুলি ভাবি সেইবোৰৰ কামনাতে মই আৱদ্ধ হলোঁ; আৰু তাৰ ফলতে মই তোমাৰ স্বৰূপ অনুভৱ কৰিব নোৱাৰাত পৰিলোঁ। হে সংসাৰৰ মায়া হৰণ কৰোঁতা হৰি, তোমাত আশ্ৰয় লৈ, মই তোমাৰ নামকে সাৰ কৰিলোঁ। অৰ্থাৎ তোমাক সুদৃঢ় বিশ্বাস কৰি তোমাৰ নাম-কীৰ্ত্তন কৰাকে নিশ্চয় কৰিলোঁ। [হে প্ৰভু, মোৰ অবিদ্যৰ মোহ-জাল গুচোৱা, তোমাক যেন মই চিনিব পাৰোঁ।]

কৃষ্ণ ত্বং হি চিৎ স্বৰূপং নিত্যজ্ঞানমখণ্ডিতং।
ত্বদ্বিনোদৰূপমন্যন্যায়া কল্পং চৰাচৰং॥(৭৩—৭৫)

[৭৩]

হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য
 সত্য শুদ্ধ জ্ঞান অখণ্ডিত।
আৱৰ যতেক ইটো  তোমাৰ বিনোদ ৰূপ
 চৰাচৰ মায়াৰ কল্পিত॥