পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সটীক নামঘোষা


কৰি ফুৰে। [ হৰিনামেই সত্য, “যত বেদ বেদান্ত, হৰি-নামে কৰে সবাকে সসাঙ্গ” ইত্যাদি বচন মুখত বুলি অৰ্থাৎ বাজত পৰম ভক্তিৰ ভাৱ দেখুৱাই বেদ বিহিত কৰ্ম্মবোৰ কৰিবলৈ এৰি নানাবিধ অনাচাৰ কৰি ফুৰে*। এই নিলাজ পোকবিলাকৰ ইহকাল-পৰকাল দুয়োকাল ভ্ৰষ্ট অৰ্থাৎ তেওঁলোকে এই জন্মতো শান্তি নাপায় আৰু দুষ্কৰ্ম কৰাৰ ফলস্বৰূপ পৰজন্মতো সুখ নাপায় নানা নৰক ভোগ কৰে, নানা যোনিত জন্ম লয়।] তেওঁলোকে কেৱল এই দুৰ্লভ মনুষ্য জন্ম লাভ কৰি কেৱল পেট পুহিহে জীৱন কটায়।

যদা পৰমানন্দ গুৰু ভবৎপদে পদং মনো মে ভগবল্লততে।
তদা নিৰস্তাখিল সাধন শ্ৰমঃ শ্ৰয়েয়ং সৌখ্যং তবতঃ কৃপাত:॥ ৬০

প্ৰাৰ্থনা

[ ৬ ০]

হে ভগৱন্ত গুৰু তযু পদে মন মোৰ
 যি কালত স্থিতি লভয়।
তোমাৰ কৃপাত তেৱে  সকল সাধন শ্ৰম
 এৰাই সুখী হৈবোহু নিশ্চয়॥


 * সহজীয়া, দিগশ্বৰী, ৰাতিখোৱা, গোপীধৰা আদি তন্ত্ৰ; বৌদ্ধ আৰু বৈষ্ণৱ ধৰ্মৰ বিকৃত সানমিহলি মতবোৰলৈ আঙুলিয়াইছে।