গুৰু-ধৰ্ম্মৰ উপদেশ দিওঁতা, আচাৰ্য্য, অধ্যাপক, পূজনীয় লোক,
শ্ৰেষ্ঠ, আৰাধ্য জন।
হে মোৰ আৰাধনাৰ বস্তু ভগৱান, তোমাৰ পদত দি সময়ত মোৰ মন লাগি থাকে, [ সেই সময় মোক দিয়া; অৰ্থাৎ মোৰ মন তোমাৰ চিন্তাত যাতে নিবিষ্ট থাকে, তেনে কৃপা মোক কৰা। ] এইখিনি কৃপা মই পালে, তোমাক পাবলৈ কৰা মোৰ সকলো দুখ- কষ্ট আঁতৰ হব অৰ্থাৎ তোমাক পাই সেইবোৰ মই পাহৰিম, তেতিয়া মই নিশ্চয় সন্তোষ লাভ কৰিব পাৰিম। [ ভগৱানক ভাবোঁতে ভাবোঁতে সদায় তেওঁত মন লাগি থকা হলে, ঈশ্বৰ লাভৰ অৰ্থে নিয়ম, সংযম, কৰ্ম্ম আদি একোৰে আৱশ্যক নোহোৱা হয় , তেতিয়া জীৱৰ পৰম সন্তোষ বা আনন্দ ভাৱৰ উদয় হয়। এই ঘোষাত সেই অৱস্থা কামনা কৰিছে।]
চৰণ-স্মৰণ প্ৰেম্না তব দেৱ সুদুৰ্ল্লভং।
যখাকথঞ্চিন্নৃহৰে মম ভূয়াদহৰ্নিশং ১১
[৬১]
হে প্ৰভু নৰহৰি তোমাৰ চৰণে দুইকো
প্ৰেম ভাৱে স্মৰণ দুৰ্ল্লভ।
যথা কথঞ্চিত ৰূপে অহৰ্নিশে প্ৰভু মোৰ
সুমৰণ হওক সুলভ॥
নৰসিংহ-নৰসিংহ অৱতাৰ; নৰৰ দুখ হৰণ কৰোঁতা।
যথাকথঞ্চিতৰূপে —নিজৰ ক্ষুদ্ৰ শক্তি অনুসাৰে, অতি সামান্য ভাৱে।