পৰাঙ্মুখ ভৈল—পিঠি দিলে।
মদ-অহঙ্কাৰ।
যি মানুহে ধন, ঐশ্বৰ্য্য, বিদ্যা আৰু বুদ্ধিৰ অহঙ্কাৰত ঈশ্বৰলৈ
পিঠি দিয়ে, সেই মানুহ জীৰ্ণা ( হাড়-ছাল ওলোৱা ক্ষীণা) গাই
বোকাত পৰি উঠিব নোৱাৰাৰ দৰে সংসাৰত আৱদ্ধ হৈ অৰ্থাৎ বিষয়
বাসনাত লিপ্ত হৈ সংসাৰতে ঘুৰি থাকে; সেই জীৱে কেতিয়াও
মুক্তিলাভ কৰিব নোৱাৰে; [ ঈশ্বৰক চিন্তা নকৰা লোকে মুক্তি লাভ
কৰিব নোৱাৰে, সংসাৰত পুনঃ পুনঃ জন্মে আৰু নানা প্ৰকাৰ যন্ত্ৰণা
ভোগ কৰে।]
হৰেৰ্ন্নাম ধ্বজীকৃত্য ত্যক্ত্বা বৈ বেদপদ্ধতিং।
শিশ্নোদৰপৰো ভ্ৰষ্ট স ইহামুত্ৰ নঙক্ষতি॥ ৫৯
[৫৯]
হৰি নাম ধ্বজা কৰি বেদ পথ পৰিহৰি
ফুৰে আতি পাষণ্ডসকল।
ইহ পৰলোকে ভ্ৰষ্ট হুয়া পেট পুষি মাত্ৰ
ফুৰিবেক পৰম নিষ্খল।
ধ্বজা—পতাকা চিন।
নিষখল—নিলাজ, ক্ৰূৰ।
দুষ্ট প্ৰকৃতিৰ মানুহবিলাকে হৰি নামৰ পতাকা লৈ অৰ্থাৎ
বাজত হৰিনাম কৰা দেখুৱাই শাস্ত্ৰে দেখুৱা বাট এৰি ব্যভিচাৰ