পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
সটীক নামঘোষা


[এই জন্মতো বিষয়ত আৱদ্ধ থকাৰ কাৰণে ] কোটি কোটিবাৰ সংসাৰত নানা জীৱৰূপে জন্মি সংসাৰত আৰু কু-কৰ্ম্মৰ ফলত নৰকত নিকাৰ ভোগ কৰি ঘুৰি ফুৰিব লাগিব।

অনাৰাধিত গোবিন্দঃ কো বা কুত্ৰ সুখী ভবেৎ।
ইতি ৰৌতি চ দাত্যূহঃ কো বা কো বা ক্ক বা ক্ক বা॥৫২


নমস্কাৰ

[ ৫২ ]

গোবিন্দক নাবাধিয়া  কোন কালে কদাচিতো
 সুখী হুয়া আছে কোন জন।
হেন শিক্ষা মনে ধৰি  ডাউকে বোলয় সদা
 কো বা কো বা ক্ক বা ক্ক বচন।

কে বা কো বা ক্ক বা ক্ক বচন-ডাউক চৰাইয়ে কৰা শব্দ।
 (কঃ+বা =কো বা; অৰ্থাৎ কোন মানুহ।
 ক্ক বা = ক’ত বা কোন কালত। বচন-বাক্য,
 কথা।)—কবিৰ কল্পনাপ্ৰসূত শব্দ।

 সত্য, ত্ৰেতা, দ্বাপৰ, কলি কোনো যুগতে কেতিয়াও ভগৱানক আৰাধনা নকৰাকৈ মানুহ সুখী হব পৰা নাই। [ ডাউক নামে চৰাই সদায় “কোবা কোবা’ কৰে; তাকে দেখি কবিয়ে কল্পনা