কৰি কৈছে] ডাউকে এনে শিক্ষাকে লৈ [ অৰ্থাৎ ঈশ্বৰক নভজি
কোনোৱে কেতিয়াও সুখী হব পৰা নাই এইটো বুজি ] “কোবা কোবা”
শব্দেৰে “কোন বা, কোন বা, সুখী হৈছে”? বুলি সদায় কয়। অৰ্থাৎ
গোবিন্দক আৰাধনা নকৰাকৈ কোন মানুহে ক’ত বা কোন কালত
কেতিয়া সুখী হৈছে?
কেশৱান্ন পৰো দেৱো ন নামঃ ধৰ্ম্ম উত্তমঃ।
শঙ্কৰান্ন পৰো গুৰুঃ ন ভক্তি: সজ্জনাদ্বিনা॥৫৩
[৫৩]
শঙ্কৰেসে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব
প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি।
ইহাক নজানি নৰে জীৱিকাৰ অৰ্থে ফুৰে
আপোনাৰ মহত্ত্ব বখানি॥
[ যি সময়ত অসমত তন্ত্ৰৰ বিকৃত মত বহুল ৰূপে চলিছিল, লোকে ক্ৰিয়াকাণ্ডকে সাৱটি ধৰিছিল; সেই সময়ত কেৱল] শ্ৰীমন্ত শঙ্কৰেহে হিন্দুৰ বেদ-বেদান্ত, পূৰাণ-তন্ত্ৰ, উপনিষদ আদি শাস্ত্ৰবোৰৰ সাৰ মৰ্ম্ম বুজি পৰমেশ্বৰৰ ভক্তিৰ সনাতন শুদ্ধমত আৰু তত্ত্ব সত্ত্বগুণাত্মক শাস্ত্ৰৰপৰা আনি প্ৰচাৰ কৰিলে। কিছুমান লোকে এই মত আৰু তত্ত্ব লাত নকৰাকৈয়ে জীৱিকাৰ নিমিত্তে নিজে সকলে জানে, এই নিচিনা ভাৱ দেখুৱাই আপোন গৌৰৱ বখানি ফুৰে; অৰ্থাৎ নিজে ধৰ্ম্মতত্ত্ব নাজানি মিছাকৈ জনাৰ ভাৱ দেখুৱাই জীৱিকাৰ নিমিত্তে সমাজত গুৰুগিৰি কৰি ফুৰে।