পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
সটীক নামঘোষা


দুৰ্ঘোৰ-ভয়লগা।

সম্প্ৰতি-বৰ্ত্তমান, এতিয়া, এই জীৱনত।

 [ সংসাৰ বা বিষয় বাসনাক ব্যাধিৰ লগত আৰু হৰিনামক ঔষধৰ লগত তুলনা কৰিছে। [ব্যাধিয়ে যেনেকৈ মানুহক নানা যন্ত্ৰণা দিয়ে বিষয় বাসনায়ো জীৱক সংসাৰত পুনঃ পুনঃ জন্ম দি অশেষ কষ্ট দিয়ে; আৰু ঔষধে ব্যাধি আৰোগ্য কৰাৰ দৰে হৰিৰ নামেও জীৱক সংসাৰ বন্ধনৰপৰা মুক্ত কৰে। সংসাৰ ৰূপ ব্যাধিৰ মহা ঔষধ হৰিনাম [ অশেষ যোনি ঘূৰি পোৱা] এই মনুষ্য জন্মত নলৈ, শাস্ত্ৰ আদি জানা শোকসকলেনো আন কি উপায়ে নিজৰ মুক্তি লাভ কৰিব?

পণ্ডিতং মানুষং লব্ধা ন গতিং সাধয়েন্নৰং।
দুঃখং ভুঙক্ত্বা জন্ম কোটিং সংসাৰে মজ্জতি পুনঃ॥৫১

[৫১]

লভিয়া মনুষ্য তনু  যিসব পণ্ডিত নৰে
 নসাধিলে গতি আপোনাৰ।
কোটি জনমক লাগি  সংসাৰ সাগৰে মজি
 ফুৰিবেক ভুঞ্জিয়া নিকাৰ।

 যিসকল পণ্ডিত লোকে জানি শুনি অসংখ্য জন্মৰ সুকৃতিৰ ফলস্বৰূপ সকলো জন্মতকৈ শ্ৰেষ্ঠ মনুষ্যজন্ম লাভ কৰি নিজৰ গতি নাসাধিলে, অৰ্থাৎ ভগৱানক ভাবি মুক্তিলাভ নকৰিলে, তেওঁলোকে