পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
সটীক নামঘোষা


মুখৰপৰা আপুনি ওলায়। [ এইদৰে ভাৱ হলে আৰু ঈশ্বৰৰ নাম ললে জীৱে সহজে মুক্তি লাভ কৰিব পাৰে। ] এনে অৱস্থাত কি আচৰিত কথা, যে পাপলৈ মন কৰা জীৱে বিষয়ত আসক্ত থাকি পুনঃ পুনঃ জন্মি আৰু মৰি নানা শোক, তাপ, জৰা, যন্ত্ৰণা ভোগ কৰি সংসাৰত ঘূৰি ফুৰে।

তৰ্কশাস্ত্ৰং মহাব্যাঘ্ৰী, পতিস্তত্ৰ বিশাৰদঃ
তচ্ছিষ্যাস্তৎ সুতপ্ৰাষা, তক্ষকোপনিষদ্‌ গবাং॥ ৪৩

[ ৪৩ ]

তৰ্ক শাস্ত্ৰ মহা ব্যাঘ্ৰী  তাহান নিপুণপতি
 তাৰ শিষ্য ভৈল পুত্ৰ প্ৰায়।
সংসাৰ বনত পশি  পতি পুত্ৰ সমন্বিতে
 উপনিষদ্ধেনু ধৰি খায়॥

উপনিষদ-বেদ শিৰোভাগ, ব্ৰহ্মবিদ্যা, ঈশ্বৰৰ তত্ত্ব নিৰূপণ কৰা

বেদৰ শেষ অংশ, বেদান্ত, জ্ঞানকাণ্ড।

ধেনু-গাই।

 তৰ্ক শাস্ত্ৰ মহা ব্যাঘ্ৰী স্বৰূপ; তাত যিবিলাক পাৰ্গত, সেইসকল সেই ব্যাঘ্ৰীৰ পতি স্বৰূপ ( বাঘৰ দৰে }; তাৰ শিষ্যবিলাক অৰ্থাৎ তৰ্ক শাস্ত্ৰ মতে চলা দাৰ্শনিক মতাৱলম্বী (বাঘ পোৱালীৰ দৰে ) বাঘ, বাঘিনী আৰু বাঘ পোৱালীবোৰে বনত সোমাই তাত ফুৰা গৰু ধৰি খোৱাৰ দৰে তৰ্ক শাস্ত্ৰ, তাত পাৰ্গত লোক