পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৫৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
সটীক নামঘোষা


আৰু সেইমতে চলা মানুহে সংসাৰত ফুৰি ঈশ্বৰৰ তত্ত্ব থকা উপনিষদ আদি পুথি নষ্ট কৰে অৰ্থাৎ এই শাস্ত্ৰবোৰত থকা ঈশ্বৰ-তত্ত্বৰ যুক্তিবোৰত নানা মিছা আশঙ্কা উলিয়াই তৰ্ক কৰি মানুহক জড়বাদী কৰি নষ্ট কৰিব খোজে; [ তাৰ অৰ্থ নিজেও গ্ৰহণ নকৰে আৰু আনে গ্ৰহণ কৰাতো বাধা দি ফুৰে।]

“ভক্তিত মিলয় হৰি তৰ্কে বহু দুৰ”

সৰ্বশ্ৰুতি শিৰোৰত্ন ভাগৱতাৰণ্য
হৰিনাম সিংহো বিৰাজতেহধ্বনি।
তৎ শব্দং শ্ৰুত্বা স নিজপতিপুত্ৰা-
স্তৰ্কব্যাঘ্ৰী তূৰ্ণং ত্ৰাসাদ দ্ৰবতি॥৪৪

[ ৪৪ ]

সৰ্ব্ব শ্ৰুতি শিৰোৰত্ন  ভাগৱত বনমাজে
 হৰিনাম সিংহ প্ৰকাশয়।
তাৰ মহা ধ্বনি শুনি  নিজ পৰিবাৰ সমে
 তৰ্ক ব্যাঘ্ৰী পলায় হুয়া হয়॥

 শ্ৰুতি—কাণে কাণে চলি আহা, পাচত লিখি ৰাখা শাস্ত্ৰ; বেদ।
সৰ্বশ্ৰুতি শিৰোৰত্ন—বেদৰ সাৰ ভাগ।
 সকলো শ্ৰুতি শাস্ত্ৰৰ অৰ্থাৎ বেদৰ সাৰ ভাগ হৈছে ভাগৱত; বনত সিংহ থাকি যিদৰে বনভূমিৰ আন আন জন্তুৰ ওপৰত প্ৰভুত্ব বঢ়ায়, সেইদৰে ভাগৱতৰ ভিতৰতো হৰি নামেইহে গৌৰৱ প্ৰকাশ