পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
সটীক নামঘোষা

 মায়া দূৰ হলে শৰীৰত থকা আত্মাক জীৱে চকুৰ আগতে সদায় দেখা পায়; কিন্তু যেতিয়ালৈ জীৱে মায়াৰ হাত এৰিব নোৱাৰে, তেতিয়ালৈ তাক বুজিব ব অনুভৱ কৰিব নোৱাৰে। জ্ঞানৰ প্ৰভাৱত মায়াৰ জাল ছিন্ন হলে ডিঙিত থকা বস্তু বিচাৰি কষ্ট পাব নলগাৰ দৰে সদায় ভগৱানক দেণ্ডি থাকিব অৰ্থাৎ অনুভৱ কৰিব পাৰে; অৰ্থাৎ জীৱৰ পৰমাত্মা আৰু জীৱাত্মা এক ভাৱ হয়।

নাৰায়ণেতি শব্দোহস্তি বাগস্তি বশবৰ্ত্তিনী।
তথাপি নৰকে ঘোৰে পতন্তীতি কিমদ্ভুতম॥ ৪২

[৪২]

নাৰায়ণ হেন ইটো  শৱদ আছয় মুখে
 বশৱৰ্ত্তী বচন আছয়।
তথাপি অদ্ভুত কিনো  ঘোৰ নৰকত মজি
 মলমতি মনুষ্য মৰয়॥

নৰকত মজি—সংসাৰত ডুব গৈ, বিয়য়ত আৱদ্ধ থাকি নানা যন্ত্ৰণা

ভোগ কৰি।

মলমতি—পাপমতি।

 নাৰায়ণ নামটো মুখতে আছে অৰ্থাৎ উচ্চাৰণ কৰিবলৈ অতি সহজ। কথা ভাৱৰ অধীন-ভাৱ হলেই ওলাই পৰে, মানুহে ইচ্ছা কৰিলেই অন্তৰত ভগৱানৰ ভাৱ উদয় হয় আৰু নাৰায়ণ শব্দ