পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫২
সটীক নামঘোষা

 প্ৰিয়তম আত্মা ঈশ্বৰ দেৱতা, হৰি হৰি হৰি হৰি এ,
 কৃষ্ণেসে সুহৃদ বান্ধৱ গুৰু আমাৰ।
 কৃষ্ণৰ চৰণ পঙ্কজ বিনাই, হৰি হৰি হৰি হৰি এ,
 মই অনাথৰ গতি নাহি নাহি আৰ॥৮১৪
 প্ৰাৰ্থনা
 অচিন্ত্য অনন্ত শকতিৰ পতি, হৰি হৰি হৰি হৰি এ,
 তুমি কৃপাময় দেৱ অগতিৰ গতি।
 তুমি সত্য সনাতন সদাশিৱ, হৰি হৰি হৰি হৰি এ,
 তোমাৰ চৰণে মাগোহো নিৰ্ম্মল ৰতি॥৮১৫
অচিন্ত্য ....... পতি।
 তুমি অচিন্ত্য অৰ্থাৎ তোমাক চিন্তা কৰি পৰি নাপায় আৰু অনন্ত শক্তিৰ মূল বা সৰ্ব্বশক্তিমান।
 হে হৰি মোৰ মুখে নছাৰোক, হৰি হৰি হৰি এ,
 পৰম নিৰ্ম্মল তযু গুণ নাম যশ।
 কৰা কৃপা কৃষ্ণ মনত মিলোক, হৰি হৰি হৰি হৰি এ,
 তযু পদ সেৱা পৰম অমিয়া ৰস॥ ৮১৬
অমিয়াৰস—অমৃতৰ দৰে সোৱাদ ৰস; এৰিব নোৱাৰা ভাব।
 জয় জয় ৰাম কৰুণ সাগৰ এ
 মোক নাৰায়ণ ইবাৰ কৰিয়ো দায়া।
 অভয় চৰণে শৰণ পশিলো এ
 প্ৰভু দামোদৰ দূৰ কৰা মোৰ মায়া॥৮১৭