সমললৈ যাওক

পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫১
সটীক নামঘোষা

কৰোঁ। আমি জীৱ যত আছে সকলোবিলাক তোমাৰে অধীন, এনে স্থলত আমি যে স্বতন্তৰীয়া ভাবে চলি যন্ত্ৰণা ভোগ কৰোঁ, এইটোহে বৰ আচৰিত কথা। আমি তোমাৰ অধীন যেতিয়া, আমি নিজ ইচ্ছা মতে চলিব নোৱাৰা উচিত আছিল, তুমি কিন্তু আকৌ তোমাৰ প্ৰভুত্ব এৰিলা?
 তোমাক পৰম ঈশ্বৰ নমানি, হৰি হৰি হৰি হৰি এ
 মহা অহঙ্কাৰে দ্ৰোহ আচৰিলো আমি।
 আৱে তযু পদে শৰণ পশিলোঁ, হৰি হৰি হৰি হৰি এ
 মই দ্ৰোহিয়াৰ দোষ ক্ষমা কৰা স্বামী॥৮১১
 দাস হুয়া তযু সেৱা নকৰিলো হৰি হৰি হৰি হৰি এ,
 ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই।
 তুমি পুনু প্ৰভু সহজ কৃপালু হৰি হৰি হৰি হৰি এ,
 শৰণ পশিলো ক্ষমিবে প্ৰভু যুৱাই॥ ৮১২
চিকিৎসা-প্ৰতিকাৰ, প্ৰায়শ্চিত্ত।
তুমি পুনু ........... প্ৰভু যুৱাই।
 তুমি আকৌ সহজতে কৃপাবান , প্ৰভু, মই তোমাৰ সেৱক হলে, মোৰ দোষ তুমি ক্ষমা কৰা উচিত।
 মই অজ্ঞানীৰ যতেক অজ্ঞান, হৰি হৰি হৰি হৰি এ,
 কথা কহি কোনে সীমা কৰিবেক তাক।
 ইটো মোৰ ঘোৰ দোষ পৰিহৰি হৰি হৰি হৰি হৰি এ
 কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক॥৮১৩