পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৫৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫০
সটীক নামঘোষা

 তযু পদ সেৱা ৰসক আশায় এ
 তোমাৰ একান্ত ভৃত্যৰ কিঙ্কৰ ভৈলো॥৮০৭
 সহজ কৃপালু গুণক প্ৰকাশি এ
 ধৰি আছা হৰি ভকত বৎসল নাম।
 ধেনু যেনমতে বৎসক পালয় এ
 তুমি সেহিমতে ভকতক পালা ৰাম॥৮০৮
 আমি যত জীৱ তোমাৰ পালন,
 হৰি হৰি হৰি হৰি এ,
 তুমিসে পালিয়া ফুৰা হুয়া অন্তৰ্য্য়ামী।
 আৱে যেয়ে নিজ ভৃত্য বুলি পালা,
 হৰি হৰি হৰি হৰি এ,
 তেৱেসে কৃপাল কৃত্যকৃত্য হওঁ আমি॥ ৮০৯
তুমিসে ......... অন্তৰ্যামী।
আমাৰ মন বুজি তুমিয়েই আমাক পালন কৰি থাকা।
 তুমি যাক পালা সিয়ো জন আমি
 হৰি হৰি হৰি হৰি এ,
 সংসাৰ নিকাৰ ভুঞ্জিয়া ফুৰো বহুত।
 তোমাৰ অধীন হুয়া কেনে আমি
 হৰি হৰি হৰি হৰি এ
 ভৈলোহো স্বতন্ত্ৰ ইটো কিনো অদভুত॥৮১০
 আমি তোমাৰ পালনীয়, অৰ্থাৎ আমাক তুমি পালন কৰিব লাগে।
এনে স্থলত সংসাৰত আৱদ্ধ হৈ আমি নানা প্ৰকাৰ দুখ-দুৰ্গতি ভোগ