ৰাম অৱতাৰত ভগৱানে বনৰ বান্দৰ ৰাক্ষস, বিভীষণ আদি আৰু
সম্পাতি আদি পক্ষীক কৃপা কৰি মুক্তি দিছিল।
তোমাৰেসে নিজ ভৃত্য ভৈলো হৰি এ,
কৃপাৰ সাগৰ তুমি মোৰ নিজ স্বামী।
মই অনাথক নবঞ্চিবা হৰি
তবু সেৱা ৰস আশা কৰি আছো আমি॥৮০৪
বেদৰ গুপুত বিত্ত নাৰায়ণ এ
দৈৱকীত হন্তে সাক্ষাতে ভৈলা বিদিত।
জীৱৰ তাৰণ হেতু নাৰায়ণ এ
প্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত॥৮০৫
বেদৰ ভিতৰত লুকাই থকা ভগৱান বস্তু দৈৱকীৰ গৰ্ভত জন্ম লাভ
কৰিলে; আৰু তেওঁ জীৱ উদ্ধাৰ হবৰ নিমিত্তে তেওঁৰ আচৰিত
নাম-গুণ কীৰ্ত্তনৰ গৌৰৱ লোকত প্ৰচাৰ কৰিলে।
ভকতৰ বশ্য হইবাৰ শঙ্কায় এ
যোনো মোক তুমি দাস পৰিহৰা হৰি।
ইটো শঙ্কা হৰি দূৰতে তেজিয়া এ
লৈয়োক তোমাৰ ভৃত্যৰ অধীন কৰি॥৮০৬
হে প্ৰভু, তুমি ভক্তৰ অধীন হব লগা ভয়তে যদি মোক তুমি
তোমাৰ সেৱক কৰি লব নোখোজা, তেন্তুে সেই আশঙ্কা এৰি মোক
তোমাৰ ভক্তৰ অধীনকে কৰা।
তোমাৰ গুণৰ মহিমা দেখিয়া
আন যত কাম দূৰতে তেজিয়া থৈলো।
২৯