পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৫
সটীক নামঘোষা

 তুৱা পদ কমলে মজোক মোৰ মন॥৭৮১
 জগত জীৱন যদু এ যাদৱানন্দ
 জগত কাৰণ যদুপতি
 তুমিসে কেৱল নিজ ভকতৰ গতি॥৭৮২
তুমিসে.... ভকতৰ গতি তুমিয়ে মাত্ৰ তোমাৰ ভক্তৰ গতি অৰ্থাৎ তোমাৰ ভক্তে কেৱল তোমাকেহে ভাবে।
 ভকত বৎসল প্ৰভু এ ভকত বন্ধু
 ভকত ৰঞ্জন ভয়হাৰী
 ভকতৰ নিজ গতি তুমিসে মূৰাৰি॥৭৮৩
 পতিত জনৰ গতি এ জগতপতি
 পতিতপাৱন ভগৱন্ত
 পৰম ঈশ্বৰ দেৱ অনাদি অনন্ত॥৭৮৪
 তাৎপৰ্য্য
 কৰুণাময় ৰাম কৰুণাময়
 কৰিয়ো কৃপা যেন উচিত হয়॥৭৮৫
 তুমিসে ৰাম কৃপা ৰসৰ নিধি
 তোমাৰ কৃপা বিনে নাহিকে সিদ্ধি॥৭৮৬
 তোমাৰ কৃপাকেসে কৰিছো আশা
 অৰুণ পদতলে দিয়োক বাস॥ ৭৮৭