পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৬
সটীক নামঘোষা

 সহজে তুমি ৰাম কৰুণা সিন্ধু।
 তোমাত বিনে আন নাহিকে বন্ধু॥৭৮৮
 তোমাৰ কৃপালেশে আমাৰ গতি
 কহয় মাধৱ মূৰুখ মতি॥৭৮৯
কৃপালেশ—দয়াৰ অতি সামান্য অংশ।
মূৰুখমতি–সামান্য বুদ্ধি, একো নাজানা।
 কিমতে ভকতি কৰিবো তোমাত হৰি এ
 মই মূঢ়মতি নজানো তাৰ উপায় ৰাম ৰাম।
 মহা বলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ
 আমাৰ মনক তেজিয়া দূৰ নাযায় ৰাম ৰাম॥৭৯০
 তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ
 অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাও ৰাম ৰাম
 অভয় চৰণে শৰণ পশিলো হৰি এ
 তুৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাম ৰাম।
ভকতি প্ৰদীপ—যেনেকৈ চাকিৰ পোহৰত আন্ধাৰ দূৰ হয়, তেনেকৈ ভক্তি জন্মিলে অজ্ঞান বা মায়া আঁতৰে; সেয়ে ভক্তি প্ৰদীপৰ লগত তুলনা কৰিছে।
 ভকতি মিনতি প্ৰণতি নজানে হৰি ও
 মোত পৰে জ্ঞানশূন্য হীনমতি নাই ৰাম ৰাম।
 তুমি প্ৰভু কৃপা ৰসৰ সাগৰ হৰি এ
 দিয়া মোক তুৱা পদ-ছায়া তলে ঠাই ৰাম ৰাম॥৭৯২