পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৪
সটীক নামঘোষা

 মোৰ প্ৰভু ৰাম নাৰায়ণ
 অভয় চৰণ পাই পশিলোঁ শৰণ ॥৭৭৭
কমলাকান্ত-লক্ষ্মীপতি, ভগৱান।
 অনাদি অনন্ত হৰি এ জীৱন বন্ধু
 ৰাম কৃষ্ণ কৰুণা সাগৰ
 অনাথৰ নাথ দয়াশীল দামোদৰ॥৭৭৮
জীৱনবন্ধু-প্ৰাণবন্ধু, প্ৰিয়তম।
কৰুণা সাগৰ-দয়াময়।
 পৰম পুৰুষ হৰি এ পৰমানন্দ
 পৰম কাৰণ নাৰায়ণ।
 ভকতৰ ধন তযু অৰুণ চৰণ।
 অনন্ত অচ্যুত সদাশিৱ সনাতন॥ ৭৭৯
পৰম কাৰণ-আদি কাৰণ, জগতৰ যি মূল।
অৰুণ চৰণ−ৰঙা পদ, ভগৱানৰ দুই পদ ৰঙা বুলি কল্পনা কৰা হয়।
 জয়তি জগত গুৰু এ গুণৰ নিধি
 নিত্য নিৰঞ্জন নিৰাকাৰ
 তোমাৰ চৰণে সদা শৰণ আমাৰ॥৭৮০
জয়তি-জয়যুক্ত।
 দৈৱকী নন্দন প্ৰভু এ পৰম গুৰু
 দয়াশীল দেৱ নিৰঞ্জন