পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪২
সটীক নামঘোষা

হৃদয়ৰ অজ্ঞান আন্ধাৰ দূৰ কৰি অৰ্থাৎ মায়া আঁতৰাই, বিজ্ঞানৰূপ চাকি মোৰ হৃদয়ত জ্বলোৱা অৰ্থাৎ আত্মতত্ত্বৰ জ্ঞান মোৰ হৃদয়ত দিয়া, যাতে মই তোমাক চিনিব পাৰোঁ।
 ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
 ৰাম কৃষ্ণ ৰাম কৃষ্ণ অগতিৰ গতি,
 অচিন্ত্য অনন্ত সুখৰ সাগৰ,
 কৃষ্ণৰ পদ ভকতি॥৭৭১
 ৰাম কৃষ্ণ, ৰাম কৃষ্ণ আদি ভগৱানৰ নাম অগতিৰ গতি ৰূপ অৰ্থাৎ মহা মহা পাপীসকলে এই নাম একান্তমনে জপ কৰি মুক্তি লাভ কৰে; এই নাম অচিন্ত্য (ভগৱান অচিন্ত্য হোৱা বাবে) চিন্তা কৰি পাৰ নাপায়; আৰু ভগৱানৰ পদসেৱা ভক্তি অনন্ত সুখৰ স্বৰূপ অৰ্থাৎ এই ভক্তিত অপাৰ সুখ পোৱা যায়।
 হে প্ৰাণ কৃষ্ণ প্ৰভু দেৱ
 প্ৰাণ কৃষ্ণদেৱ দীনক কৰিয়ো দায়া,
 পৰম তাপিতে মাগোহো তোমাৰ
 শীতল চৰণ ছায়া॥ ৭৭২
 পৰম তাপিতে চৰণ ছায়া—মই নানাবিধ তাপে তাপিত প্ৰভু তোমাৰ চৰণৰ চেঁচা ছাঁয়া মাগিছো অৰ্থাৎ চোকা ৰ'দৰ তাপ পোৱা লোকে গছৰ চেঁচা ছাঁয়া বিচৰাৰদৰে মই সংসাৰত তাপত দগ্ধ হৈ তোমাৰ আশ্ৰয় মাগিছোঁ (প্ৰভু, দয়া কৰি মোক আশ্ৰয় দিয়া)।