পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৩
সটীক নামঘোষা

 প্ৰাণ প্ৰিয়তম যদুদেৱ দিয়ো মোক এহি দান
 কৰায়ে তোমাৰ চৰণ সেৱাৰ
 সন্তোষ অমিয়া পান॥৭৭৩
সন্তোষ অমিয়া পান—সন্তোষৰূপে অমৃত দিয়া।
 নমো ৰাম কৃষ্ণ সদাশিৱ
 সদাশিৱ কৃষ্ণ তুমি জগতৰ পতি
 অপায় ৰহিত মাগোহো ভকতি
 চৰণে কৰি প্ৰণতি॥৭৭৪
অপায় ৰহিত ...... ভকতি,
 তোমাৰ ভক্তি বিঘ্নিবিহীন অৰ্থাৎ বিধি ব্যৱস্থা মানি তোমাক ভক্তি কৰিব নালাগে দেখি তোমাৰ সেৱা-পূজা কৰাত একো বিঘ্নি নহয়, সকলোৱে অতি সহজে তোমাক ভক্তি কৰিব পাৰে।
 জগত গুৰু নাৰায়ণ
 জগত গুৰু নাৰায়ণ
 মোৰ প্ৰভু ৰাম কৃষ্ণ ৰাম
 হৰি ও হৰি ৰাম কৃষ্ণ ৰাম॥ ৭৭৫
 ৰাম কৃষ্ণ নিৰঞ্জন ৰাম কৃষ্ণ নিৰঞ্জন
 দীনবন্ধু নাৰায়ণ এ
 তুমিতো প্ৰভু অগতিৰ গতি॥৭৭৬
 গোপীনাথ গোপীনাথ মোৰে কমলাকান্ত