পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২০
সটীক নামঘোষা

 হৰি ও হৰি চৰণে লাগো।
 অভয় চৰণে শৰণ মাগো॥ ৬৯১
 ৰাম ৰঘুপতি ৰঘুনন্দন।
 তোমাৰ চৰণে লৈলো শৰণ॥ ৬৯২
  ভজন
 গোপীনাথ গোবিন্দ ৰাম কৃষ্ণ হৰি।
 ভজোহো তোমাৰ পদ কমলত ধৰি॥ ৬৯৩
 ভজো গোবিন্দ তোমাৰ পায়।
 মোক নছাৰিবা সেৱক দায়॥ ৬৯৪
 দায়−সম্পত্তি। সেৱকদায়− সেৱকৰূপ সম্পত্তি। ( দায়- দায়ক, গৰাকী) সেৱকৰ স্বামী। মই তোমাৰ সেৱকৰূপ সম্পত্তি, তুমি মোৰ গৰাকী; মোক নছাৰিবা।
 ৰাম কৃষ্ণ গোপীনাথ গোবিন্দ।
 সেৱোহো তযু পদ অৰবিন্দ। ৬৯৫
 প্ৰণতপালক দেৱ গোবিন্দ।
 ভজোহো তযু পদ অৰবিন্দ। ৬৯৬
প্ৰাণতপালক-সেৱকক ৰক্ষা কৰোঁতা।
 মোৰ প্ৰভু নাৰায়ণ এ
 হৰি হৰি তোমাৰ চৰণ মনে ভজো।
 তোমাক নভাজ ভব সিন্ধু মাজে মাজো॥৬৯৭