পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৯
সটীক নামঘোষা

অৰুণ চৰণ তলে   হৰি কমলাপতি
  সত্য সত্যে পশিলো শৰণ॥৬৮৬
ইবাৰ-অন্য় জন্মত।
 তোমাক একান্তমনে ভজি মুক্তি লাভ কৰিব নোৱাৰিলোঁ; ইবাৰ-(এই জন্মত) প্ৰভু সত্যে সত্যে তোমাৰ আশ্ৰয় লৈছোঁ, মোক ত্যাগ নকৰিবা অৰ্থাৎ সেৱক কৰি লবা।

[ ৬৮৭ ]


 হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ॥
 মানৱী জুনম সম্ফল কৈলো এ হৰি নাৰায়ণ॥
মানৱী জনম সম্ফল কৈলো—মানৱ জম্ম হৰিক ভজিব পাৰি দেখি মানৱ জন্মতো হৰিক ভজিবলৈহে পোৱা বুলিব পাৰি; হৰি ভজিলে সেই কাৰণে মানৱ জন্ম সফল হয়।
 গোপাল গোবিন্দ যদুনন্দন।
 কৃষ্ণৰ চৰণে লৈলো শৰণ॥৬৮৮
 ৰাঘৱৰ অভয় চৰণে।
 সত্যে সত্যে পশিলো শৰণে॥ ৬৮৯
অভয় চৰণ-ভগৱানত আশ্ৰয় ললে সংসাৰ ভয় শুচে, সেই কাৰণে অভয় চৰণ বোলে।
 ৰামৰ চৰণে শৰণ লৈলো।
 মানবী জনম সম্ফল কৈলো॥ ৬৯০