পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২১
সটীক নামঘোষা

ভৱসিন্ধু মাজে মজো-সংসাৰ সাগৰত ডুৱ যাওঁ, বিষয়ত পোত যাওঁ।
 ভুৱন মোহন ৰাম ভজিলো তোমাৰ পাৱ।
 মহা মহা পাপী যাৰ নাম জপি উত্তম পদক পায়॥৬৯৮
 ৰাম কৃষ্ণ নাৰায়ণ  নিৰঞ্জন নিৰাকাৰ
  নিৰ্বিকাৰ নিৰাময় হৰি।
 চিদানন্দ সদানন্দ  পুৰুষ পৰমানন্দ
  ভজো তুৱা চৰণত ধৰি।
 হৰি ৰাম বিভু প্ৰভু অনন্ত দৈত্যাৰি॥৬৯৯
নিৰ্ব্বিকাৰ-স্বভাৱৰ সলনি নহয়, সদায় একে ভাবে যি থাকে।
নিৰাময়-নিঃ+আময় (ৰোগ) নীৰোগ ৰোগ নোহোৱা তিনি তাপে পীড়িব নোৱাৰা।
চিদানন্দ-চিৎ (জ্ঞান) স্বৰূপ আৰু আনন্দ।
বিভু-ঈশ্বৰ।
দৈত্যাৰি-নানা অৱতাৰ ধৰি দৈত্য দমন কৰোঁতা।
  নমস্কাৰ
 দীনবন্ধু ৰাম দয়াশীল দেৱ।
 তুৱা পদ কমল সদায় কৰো সেৱ॥৭০০
 মোৰ প্ৰভু ৰাম কৰুণা সাগৰ।
 আমি দুঃখিতক নছাৰিবা দামোদৰ॥৭০১