পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৮
সটীক নামঘোষা

একান্ত ভকত যাৰা হয়  কিছু অৰ্থ তাৰা নবাঞ্চয়
 মহা অদভুত হৰিগুণ নামময়।
পৰম মঙ্গল কৃষ্ণ যশ  যাতপৰে আন নাহি ৰস
 পৰম আনন্দ সমুদ্ৰে মজি ৰহয়॥
অদভূত − মাহাত্ম্যপূৰ্ণ।
হৰিগুণ নামময় − হৰিগুণ নামযুক্ত।
 হৰিনাম এনে মাহাত্ম্যপূৰ্ণ যে যিসকল একান্ত ভক্ত, সেইসকলে মাহাত্ম্যপূৰ্ণ হৰিনামতে একান্ত আসক্ত থাকে; অন্য ধন, ঐশ্বৰ্য্য একো ভগৱানৰ ওচৰত কামনা নকৰে, অৰ্থাৎ তেওঁলোকে নিষ্কাম ভাবে কেৱল ভগৱানৰ নামকে লৈ থাকে। ভগৱানৰ গুণ কীৰ্ত্তন পৰম মঙ্গলময় আৰু একান্তমনে নাম কীৰ্ত্তন কৰিলে যি ৰস ওপজে, সেই ৰসৰ লগত একোৰে তুলনা নহয়; সাধুসকলে ভগৱানৰ নাম লৈ সদায় পৰম আনন্দ সাগৰত ডুব গৈ থাকে।

ঘোষা ছন্দ

শৰণ

(৬৮৫)

 যাদব যদুনন্দন মাধৱ মধুসূদন।
তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাত লৈলো শৰণ
ইবাৰ কৰুণাময়   হৰি কমলাপতি
 মোৰে নছাৰিবা নাৰায়ণ।