পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নাৰবোৰ নোৰ ভক্ত নাম লৈ বিষয় আসক্তি গুচাৰ আগতে, বেদপথ নামানিলে বৈষ্ণৰ হব নোৱাৰে। কিং বিদ্যম্বা বান্যগুণৈশ্চ তেষাং যজ্ঞেশ্চ দানৈশ্চ তপোতিকগ্ৰৈ:। শেষাং ন ভক্তিৰ্ভবতীহ কৃষ্ণে জগগুলো মোক্ষ সুধদে চ। [ ৬২৬ ] যত উগ্ৰ তপ জ্ঞান গুণ যাগ যোগ যজ্ঞ দান পুণ্য কিবা প্ৰয়োজন সাধিবেক সম্বৰ। কৃষ্ণ জগতৰ গুৰু নিষ্ঠ সুখ মোক্ষ পদ দেৱ ইষ্ট তাহান চৰণে ভকতি নাহিকে যাৰ। কৃষ্ণ নিশ্চয় জগতৰ গুৰু আৰু তেওঁ মোক্ষ সুখ দিওঁতা ই দেৱতা, তেওঁৰ চৰণত যাৰ ভক্তি নাই তেওঁ যিমান প্ৰকাৰ কষ্টদায়ক কষ্টাৰ্জিত জ্ঞান; গুণ আৰু নানা সম্ভাৰ গোটাই ব্ৰত কৰি কৰা বাগ-বঞ্জ আৰু নানা কৌশল অবলম্বন কৰি কৰা যোগ আছে, সেইবোৰে তেওঁৰ একো হিত সাধিব নোৱাৰে। অগ্ৰে কচদত কিঞ্চিদভিতঃ কোপ পৃষ্টে কৃতঃ। সংসাৰ শিশুৰ যৌন জৰাভাৰাৱতাৰাদঃ ২৭ [ ৬২৭ ] শিশুৰ বিষয় আশা আগ যুৱা সেৱা কৰে পায়া লাগ বৃদ্ধে ভোগ কৰি পিঠি দিলে বিষয়ক।