পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টীক নামঘোষ পোৰা হৈছে। এই নৱৰ গুৰিয়াল হৈছে মন্ত্ৰদাতা গুৰু আৰু গৰান হৈছে গুৰুৰ লগত সহকাৰী অনুকূল বতাহৰ নিচিনা; সংসাৰত এনে আশ্ৰয়দাতা বা চলাওঁ গুৰু পোৱাত আৰু সহায়কাৰী ভগৱান থকাতো আত্মঘাতীয়ে (নিজে নিজৰ অপকাৰ কৰোঁতাই। মুক্তিলাভ নকবে ( মুক্তিৰ নিমিত্তে চেষ্টা নকৰে)। [ ইয়াতকৈ আৰু আচৰিত কথা কি আছে? শ্ৰুতি-স্মৃতী মযৈজ্ঞে যন্তুল্য প্ৰতে। আজ্ঞা চ্ছেদী মম দ্বেষী মঙহেপি ন বৈষ্ণৱঃ॥৬২৫ [ ৬২৫] মাধৱে বোল শ্ৰুতি স্মৃতি মোৰ আজ্ঞা বাণী জানা নিষ্ঠ যিটোজনে আক উলম্বিয়া প্ৰৱৰ্ত্তয়। ভৈল সিটো মোৰ আজ্ঞা ছেদী মোক দ্বেষ কৰিলেক আতি মোৰ ভক্ত হস্তো বৈষ্ণৱ সিটো নোহয়। ভগৱানে কৈছে,-- শ্ৰুতি-স্মৃতি শাস্ত্ৰ মোৰ আদেশ বাক্য; ইয়াক নিশ্চয়কৈ জানিবা; যি লোকে মোৰ এই বাক্য উলজ্যন কৰি অৰ্থাৎ উক্ত শাস্ত্ৰ নামানি চলে, তেওঁ মোৰ আজ্ঞ নামান হয় আৰু মোক অতিকৈ হিংসা কৰা হয়। তেওঁ ভক্ত হব পাৰে কিন্তু বৈষ্ণৱ নহয়। [ বিছুমান এনে সংসাৰ ভকত আছে, তেওঁলোকে ভক্তিৰ নাম কৰি বেদবিহিত বৰ্মবোৰ কৰিব নোখোজে, সেই সকলকে লক্ষ্য কৰি কৈছে,