পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামধোবা হৰিনাম কীৰ্তন কৰিলে জীৰৰ পৰম ভাগ্য উদয় হয়-জীৰে পৰম আনন্দ লাভ কৰে আৰু তাৰ ফলত কৰ্ম্মৰ হাত সাৰে ৰা মুক্তি পায় অৰ্থাৎ হৰিনাম একান্ত মনে ললে জীৱে নিষ্কাম ভাৰে কৰ্ম্ম কৰিবলৈ বাধ্য হয়, তাৰ ফলত জীৱ মুক্ত হয় কত বাসন নথকাত জীৱে সংসাৰ চুৰি কষ্টভোগ কৰিব নালাগে। [ ৫৭৯ } ব্ৰহ্মা হৰে ভজন্ত হৰিৰ দুই ৱে। মুকুত সকলো সদা ৰামনাম গাৱে। সৃষ্টি শ্ৰজনকাৰী ব্ৰহ্মা, সংহাৰকাৰী হৰ অদি পৰম ভক্তসকলে হৰিক চিন্তা কৰে আৰু যিসকল জীৱমুক্ত পুষ, সেই সকলেও সদায় হৰিনামকে লয় – -হৰিাম এনে সময় ] বিৰকতি [ab] বিষয়ৰ আশা ভঙ্গে ভক্তৰ হৰিব। দেখয় বিষয় সুখ বিষ্ঠাৰ সদৃশ। ধন তা পুত্ৰ আদিৰ যিমানে সম্বন্ধ ছিডে, ভক্তসকলে সিমানে আনন্দ পায় অৰ্থাৎ বিষয়লৈ ভক্তৰ মন যিমানে নোযোৰা হয়, ভক্তে মনত সিনে ৰং পায়; কিয়নো তেওঁলোকে বিষয় সুখ বিষ্ঠাৰ দৰে ঘৃণনীয় বুলি ধৰে। ভগৱৎ প্ৰাপ্তিৰ চেষ্টাকে তেওঁলোকে জন্মৰ প্ৰধান কৰ্ম বুলি বিশ্বাস কৰে।