পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

89 সীক নামঘোষা কৃষ্ণৰ চৰণেই মোৰ আশ্ৰয়; তেওঁৰ নাম লোৰাৰ বাহিৰে মোৰ আন ভক্তি নাই। [৫৭৬। ৰাম কৃষ্ণ কাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ ৰাম কৃষ্ণ বিনে ঝুঠা আৱৰ বিচাৰ ভগৱানৰ ৰাম কৃষ্ণ নামেই শ্ৰেষ্ঠ, ৰাম-কৃষ্ণ নামৰ বাহিৰে শাস্ত্ৰৰ অন্য মত বা বিচাৰ মই বিশ্বাস নকৰে। [ ৫৭৭] শ্ৰীৰাম নাম ভকতৰ ধন সাৰ। সংসাৰ সাগৰে ৰাম নাম দুৰ্গপাৰ ৰামনাম ভক্তৰ শ্ৰেষ্ঠ ধন , অৰ্থাৎ ভক্তে ভগৱানৰ নামকে ৰা কৰে আৰু ৰামনামেই সংসাৰ সাগৰ দুগৰ পাৰ স্বৰূপ; অৰ্থাৎ দুৰ্গৰ ভিতৰত থাকিলে যিদৰে শত্ৰুৰ আক্ৰমণৰপৰা নিজক ৰক্ষা কৰিব পাৰি, সেইদৰে ৰামনাম একান্ত মনে শ্ৰৱণ-কীৰ্ত্তন কৰিলেও বিষয়-বাসনাৰ হাত সাৰিব পাৰি অৰ্থাৎ নিষ্কাম ভাবে কাম কৰি মুক্তি লাভ কৰিব পাৰি [296] হৰিনাম কীৰ্তনেসে পৰম মঙ্গল। পায় পৰমানন্দ গুচে কৰ্ম্মমল॥ কমলকশ্বৰ বাসনা; বাসনা থকা কৰ্ম্ম কৰি পোৱা ফুল। I