পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ। [06-> ] বিষয়ৰ সুখ যত সকলে অসাৰ। জানিবা ভকতে তাক কৰে পৰিহাৰ। ভক্তসকলে বিষয়-সুখ অসাৰ জানি তাক পৰিত্যাগ কৰে। আৰু গৱানক একান্ত মনে ভজন কৰে। তুতি { ৫৮২ ] মুৰি মধুৰিপু মাধৱ ৰাম। তুমি ভকতৰ ধৰ্ম্ম অৰ্থ মোক্ষ কাম। চাওঁতা, হে মূৰ অসুৰ সংহাৰকাৰী (দৰ্পহাৰী), মধুদৈত্য নাশকাৰী (মায়া লক্ষ্মীপতি (ঐশ্বৰ্যৰ অধপতি), ৰম (দেহত ৰমণ কৰি থাকোতা), তুমি ভক্তৰ ধৰ্ম্ম-অৰ্থ-কাম-মোক্ষস্বৰূপ অৰ্থাৎ তুমি ভক্তৰ চতুৰ্বৰ্গ সাধন কৰোঁতা। [ ৫৮৩] মুৰি মনোহৰ ভগৱন্ত দেৱ। তুমি বিনে পতিতৰ গতি নাহি কেৱ। হে মুৰি, মনোহৰ মূৰ্তিধৰোতা ভগৱন্ত দেৱ, তোমাৰ বাহিৰে আৰু পতিতৰ কোনো গতি নাই অৰ্থাৎ তুমি পতিত উদ্ধাৰ নকৰিলে অ'ন কেৱে উদ্ধাৰ কৰিব নোৱাৰে।