পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ORO নাৰায়ণ, তুমিয়েই শিৱ আৰু সনাতন। হে গোপাল, গোবিন্দ, গোপীনাথ, মাধৱ, তুমি প্ৰাণস্বৰূপ, তুমিয়েই যদুনন্দন আৰু যাদৱ। তাৎপৰ্য্য [ ৫৭৩] বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ ৫ ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰ বৃক্ষশ্বৰূপ অৰ্থাৎ বৈকুণ্ঠত থকা কল্পতৰত যি বোজা যায় তাকে যেনেকৈ পোৱা যায়, আগৰত শাতে ধৰ্ম্ম-অৰ্থ-কাম-মোক্ষ আদিৰ নাই বা জ্ঞান, ভক্তি, কৰ্ম আদিৰ বিহকে বিচৰা যায় তাকে পোৰা ৰ; আৰু গছৰ ফল যেন গৰৰ সাৰে তেনে হৰিনাম। [ ৫৭৪] হৰি নামে হৰি নামে হৰি নামে গতি। হৰি নামে ভকতৰ কেৱল ভকতি ৪ হৰিনাম লৈয়েই গতি বা মুক্তি লাভ কৰিব পাৰি। সেয়ে ভক্তৰ কেৱল হৰিনামতেই ভক্তি অৰ্থাৎ ভক্তে শ্ৰদ্ধাৰে সৈতে একান্ত মনে হৰিনামকে মাত্ৰ ধ্যান অৰু ধাৰণ কৰে। [ ৫৭৫] কৃষ্ণ পাদপদ্ম দুই মোৰ নিজ গতি। হৰি নাম বিনে আন নানো ভকতি॥