পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৩
সটীক নামঘোষা

বিষয়ৰপৰা মুক্ত হবলৈ যত্ন কৰিব লাগে বুলি মোৰ ভাব হোৱা নাই। (নাইবা) মই মৃত্যুৰ ফাললৈ গতি কৰিছোঁ; অৰ্থাৎ মোৰ বয়স বাঢ়ি গৈছে, তথাপি তোমাক ভজি মুক্তিলাভৰ কাৰণে যত্ন কৰিব লাগে বুলি মোৰ ভাৱ হোৱা নাই।

[ ৫৪০ ]

নাম-ধন দিয়া মোৰে কিনা বনমালী।
দাস পাই নলৱা কমন ঠাকুৰালি॥

 ঠাকুৰালি—(ঠাকুৰ—গৰাকী) স্বামীত্ব।

 হে বনমালী, নাম ধন দি মোক কিনা, অৰ্থাৎ তোমাৰ নাম ভালপোৱা কৰা; মই একান্ত মনে তোমাৰ চৰণত আশ্ৰয় সব খোজোঁ, তথাপি তুমি কৃপা নকৰাৰ কাৰণে তোমাৰ সেৱক হব নোৱাৰোঁ, এনে দাস পায়ো তুমি গ্ৰহণ নকৰা—ই নো তোমাৰ কেনে ৰকমৰ ঠাকুৰালি? অৰ্থাৎ ইয়াক নো তুমি আমাৰ স্বামীত্ব গ্ৰহণ কৰা বুলি কেনেকৈ কওঁ?

[ ৫৪১ ]

নিজ দাস কৰি হৰি মোৰ কিনা কিনা।
আন ধন নলাগয় নাম-ধন বিনা॥

 হে হৰি, মোক তোমাৰ দাস কৰি কিনি লোৱা, কিন্তু ইয়াৰ মূল্য মোক নামহে লাগিব, আন ধন নালগে; অৰ্থাৎ প্ৰভু, তোমাৰ নামত মোৰ প্ৰতি জন্মোৱা, তাৰ ফচল যেন মই তোমৰ সেৱক হৈ থাকিব পাৰোঁ।