পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩২
সটীক নামঘোষা

[ ৫৩৭ ]

অৰুণ চৰণে মই পাপীকো তৰিয়ো।
পতিত পাৱন নাম সফল কৰিয়ো॥

 হে প্ৰভু, তোমাৰ ৰঙা চৰণত মোৰদৰে পাপীৰ ভক্তি জন্মাই মোক মুক্তি দিয়া, ইয়াকে কৰি তুমি যে পতিত পাৱন এই নামৰ সাৰ্থক কৰাঁ॥

[ ৫৩৮ ]

আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে॥

বিষয় বিকলে—বিষয় জালাত ভোগ বাসনাত লটিঘটি হৈ।

 হে হৰি, মই বিষয় জালাত পৰাত মোৰ বল বুদ্ধি ক্ষীণ হৈছে; অৰ্থাৎ মই নিজৰ শক্তি হেৰুৱাইছোঁ। নিজে চেষ্টা কৰি ভোগ- বাসনাৰ হাত সাৰিব নোৱাৰাত পৰিছোঁ। তোমাৰ চৰণত মই আশ্ৰয় ললোঁ; তোমাৰ চৰণ-পদ্মত আশ্ৰয় দি মোক এই সংসাৰৰ মায়া বন্ধনৰ পৰা মুক্ত কৰা।

[৫৩৯]

হে কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ।
তনু নাৱ বুৰি আসে নাহিকে গিয়ান॥

 হে মোৰ স্বামী কৃষ্ণ, মোক এই সংসাৰৰপৰা উদ্ধাৰ কৰা; নাও বুলি অহাৰ দৰে মোৰ দেহ (ইন্দ্ৰিয়াদি) বিষয়ত পোত গৈছে, তথাপি মেৰি চেতনা উদয় হোৱা নাই অৰ্থাৎ তোমাক চিন্তা কৰি