পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৪
সটীক নামঘোষা

[ ৫৪২ ]

জয় জয় ৰাম কৃষ্ণ শৰণ তেমাৰ।
কৃপাৰ সাগৰ কৃপা কৰা একবাৰ॥

 হে হৰি, তোমাৰ মঙ্গলময় ৰাম কৃষ্ণ নামক আশ্ৰয় কৰিলোঁ; কৃপাৰ সাগৰ হৰি, মোক এবাৰ কৃপা কৰা—যাতে তোমাৰ নাম লৈ মুক্তিলাভ কৰিব পাৰোঁ।

[৫৪৩]

দিয়ো দৰশন পাৱে পশিলো শৰণ।
ভকত জনৰ ধন তুমি নাৰায়ণ॥

 হে নাৰায়ণ, তোমাৰ চৰণত মই আশ্ৰয় ললোঁ—মোক দৰ্শন দিয়া; তুমি ভক্তৰ হৃদয়ৰ ধন স্বৰূপ অৰ্থাৎ তুমি ভক্তৰ হিয়াত সদায় থাকা, মোক ভক্তি দান কৰা, যাতে ময়ো তোমাক মোৰ হৃদয়ত উপলব্ধি কৰিব পাৰোঁ।

[ ৫৪৪ ]

যাদৱ যাদৱ যাদৱ যাদৱ দেৱ।
তুমি বিনে সুহৃদ বান্ধৱ নাহি কেৱ॥

 হে যাদৱদেৱ, তোমাৰ বাহিৰে মোৰ সুহৃদ বন্ধু কেৱ নাই, অৰ্থাৎ তোমাকেই পৰম প্ৰিয়তম বুলি আশ্ৰয় কৰিলোঁ।

[ ৫৪৫ ]

কেমনে পাইবো হৰি চৰণ তোমাৰ।
দুৰ্ঘোৰ মায়ায়ে মন মুহিলে আমাৰ॥