পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩১
সটীক নামঘোষা

যাতে তোমাক ভাবিব পাৰোঁ, সেই অৰ্থে তোমাৰ অপাৰ কৰুণাৰ সামান্য পৰিমাণ মোক কপা কৰা॥

[ ৫৩৪ ]

জয় জয় কৃপাময় দেৱ যদুপতি।
তোমাৰ চৰণে মাগোঁ অমূল্য ভকতি॥

 হে কৃপাময়, যদুপতিদেৱ, তোমাৰ নামৰ জয় হওক; তোমাৰ নাম লৈ, তোমাৰ পদত অমূল্য ভক্তি জন্মিবলৈ কামনা কৰোঁ।

[৫৩৫]

হে হে পৰমানন্দ কৃষ্ণ কৃপাসিন্ধু।
ভকতি আনন্দ ৰস মাগো এক বিন্দু॥

 হে পৰমানন্দ কৃপাৰ সাগৰ কৃষ্ণ, তোমাৰ পদত ভক্তি জন্মিলে তাৰপৰা হোৱা অনন্দ ৰস অলপ পাবলৈ তোমাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ॥ (কৃপা কৰা প্ৰভু, যাতে তোমাৰ পদত মোৰ ভক্তি জন্মে)

[ ৫৩৬ ]

পতিত পৰিয়া ৰৈলো এভৱ সাগৰে।
পতিত পাৱন নাম ভৈল কিবা তৰে॥

 মই পতিত, এই সংসাৰৰূপ সাগৰত পৰি ৰলোঁ আৰু সাগৰ ঢৌত তল ওপৰ হোৱাৰদৰে বিপদ-অপদত হাবাথুৰি খাব ধৰিছোঁ। তুমি পতিত পাৱন, তুমি যদি মোৰদৰে পতিতক উদ্বাৰেই নকৰ তেন্তে তোমাৰ পতিত পাৱন নাম নো কিয় হল? অৰ্থাৎ পতি পাবন নামৰ সাৰ্থকতা ক’ত হল?