পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৩
সটীক নামঘোষা

[ ৫১০]

ৰামকৃষ্ণ গোপাল গোবিন্দ যদুমণি।
ৰাম কৃষ্ণ নাম মহা পাপৰ আগনি॥

 অগ্নিয়ে মহাবন পুৰি ছাই কৰিব পৰাৰদৰে ভগৱানৰ ৰাম কৃষ্ণ গোপাল গোবিন্দ যদুমণি আদি নামে পাপ নষ্ট কৰিব পাৰে; অৰ্থাৎ একান্তমনে ৰাম কৃষ্ণ আদি ভগৱানৰ নাম শলে পাপ নাশ হয়৷

[ ৫১১ ]

ৰাম কৃষ্ণ নামৰ মহিমা অদভুত।
নিকট চাপিয়া কি কৰিলে যমদুত৷৷

 ৰাম কৃষ্ণ নামৰ ইমান অদ্ভুত মহিমা, যে যমদুতে ওচৰ চাপি একো কৰিব নোৱাৰে অৰ্থাৎ মৃত্যু ওচৰত থাকিও ধৰিব নোৰাৰে- জীৱ মুক্ত হয়।

[ ৫১২ ]

ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ।
ভাবিতে পৰম সুখ ভয় নাহি আৰ৷।

 ভগৱানৰ ৰাম কৃষ্ণ আদি নামেই সকলো ধৰ্ম্মৰ সাৰ স্বৰূপ। একান্ত মনে এই নাম ললে মনত পৰম সুখ জন্মে আৰু মনৰপৰা সংসাৰৰ ভয় (জন্ম মৃত্যুৰ ভয়) আঁতৰি যায়।