পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২২
সটীক নামঘোষা

নাম-কীৰ্ত্তনত জীৱৰ, যে কি সৌভাগ্য উদয় হয় তাক প্ৰকাশ কৰা দূৰত থাওক, ক্ষুদ্ৰমতি মনুষ্যে অনুভৰ কৰাই টান।

[ ৫০৮ ]

হৰি-গুণ-নাম-যশ ভকতি উত্তম।
যাৰ ধ্বনি শুনি কম্পে কলি কাল যম॥

 হৰিৰ নাম-গুণ-কীৰ্ত্তন ভক্তি প্ৰতি উত্তম; ই এনে শক্তিমান যে, হৰিনামৰ ধ্বনি শুনিলেই কলিৰ দোষবোৰ ভয়ত কঁপি দুৰলৈ যায়, কাল আৰু মৃত্যুও আঁতৰে অৰ্থাৎ জন্ম-মৃত্যুৰপৰা জীৱ মুক্ত হয়।

নাম্ৰোহস্য যাবতী শক্তিঃ পাপনিৰ্হৰণে হৰেঃ।
তাৱং কৰ্ত্তুংনং শক্লোতি পাতকং পাতকী নৰঃ॥ ৫৯৯

[ ৫০৯ ]

হৰিনামে যত পাপ সংহাৰিতে পাৰে।
ততেক পাতকী পাপ কৰিতে নপাৰে॥

 হৰিনাম কীৰ্ত্তন পৱিত্ৰকাৰী আৰু শক্তিমান, যে ই জীৱৰ যিমান পাপ নষ্ট কৰি জীৱক পৱিত্ৰ কৰিব পাৰে, জীৱে সিমান পাপ কৰিবকে নোৱাৰে।

 [এই ঘোষাত হৰি-নামৰ পাপ ক্ষয় কৰিব পৰা শক্তিৰ কথাহে কোৱা হৈছে। হৰিনামে প-পক্ষয় কৰিব পাৰে বুলি ইয়াৰ দ্বাৰাই লোকক পাপ আচৰিবলৈ কোৱা নাই। ]