পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 সটীক নামঘোষা [ ৫১৩} ৰাম কৃষ নাম সৰ্ব্ব সুখৰ নিবাস। ৰাম কৃষ্ণ ভাবিতে কৃষ্ণৰ পায় পাশ। ৰাম কৃষ্ণ অদি ভগৱানৰ নাম লই সকলো প্ৰকাৰ সুখ পোবা য’ অৰু এই নয় চিন্তা কৰেতে কৰোঁতে সংসাৰৰপৰা মুক্তিলাভ কৰ ভগৱানৰ ৰ'ল যব ব য য়। [ ৫১৪ ] আপোন নামৰ সঙ্গ নছাৰ হৰি। যেই নাম সেই হবি জানা নিষ্ট কৰি। ভগৱান তেওঁৰ নামৰ লগতে থাকে অৰ্থাৎ একান্ত মনে তেওঁৰ নাম ললে তেওঁক লাভ কৰব পৰা যায়; ভগৱান নামৰপৰা বেলেগ নহয়; নামেই ভগৱান তাক নিশ্চয় জানিবা। [ ৫১৫ ] ৰাম নাম সম ধৰ্ম্ম নাহিকে নিগমে। যিটো সদা বোলে ৰাম কি কৰিব যমে। ভগৱানৰ তত্ত্ব থকা ভাগৱত, বেদাস্ত আদি শাস্ত্ৰৰ ৰাম নাম কীৰ্ত্তনকেই সকলো প্ৰকাৰ ধৰ্মপথৰ ভিতৰত শ্ৰেষ্ঠ বুলি ব্যাখ্যা কৰিছে; এনে সৰ্বশ্ৰেষ্ঠ ধৰ্ম ৰামনাম সদায় শ্ৰৱণ-কীৰ্ত্তন কৰিলে যমে একো কৰিব নোৱাৰে অৰ্থৎ জীৱ মুক্ত হয় [ ৰামনাম উপলক্ষ মা-নাম মানে সকলে। নাম।]