পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা এনে কোনো নিয়মে নাই , ৰাম নাম উত্তম আৰু সকলোৰে লব পৰা, যে তাক অনাৰ্য্য মিৰি, অহন, কছাৰি আদিয়েও একান্ত মনে লৈ মুক্তি লাভ কৰিব পাৰে। [ ৫২ ] ৰাম কৃষ্ণ নাম সম নাহিকে বান্ধৱ। ৰাম কৃষ্ণ নামে মিলে পৰম উৎসৱ। ভগৱানৰ ৰাম-কৃষ্ণ আদি নামৰ বাহিৰে ভকতৰ প্ৰিয় বন্ধু নাই। এই ৰাম-কৃষ্ণ নাম একান্ত মনে ললে মনত ৰৰ আনন্দ লাগে। [৫৩] ভকত জনৰ হৰি নামেসে সৰ্বস্ব। মুকুতিকো ঠেলি আগ হোৱে হৰি যশ। তগৰৰ সেৱকসকলৰ মনত ভগৱানৰ নামেই সকলো সৰ্বস্ব; অৰ্থাৎ ভক্তে নামৰ বাহিৰে একো কামনা নকৰে। তেওঁলোকে আনকি মুক্তিলৈকো পিঠি দি হৰিৰ গুণ কীৰ্ত্তনকেহে আগ কৰে অৰ্থাৎ হৰিৰ নাম গুণ গায়। [408] ৰাম কৃষ্ণ নামেসে ছিণ্ডয় কৰ্মবন্ধ। মিলয় সমস্ত সুখ পৰম আনন্দ। ভগৱানৰ ৰাম কৃষ্ণ নাম একান্ত মনে হলে জীৱে কৰ্মত হাত সাৰিব পাৰে অৰ্থাৎ জন্ম মৃত্যুৰ হাত সাৰিব পাৰে আৰু তেওঁ সকলো একাৰ সুখ পোৱাৰ দৰে হয়তেওঁৰ মনত অপাৰ আনন্দ ওপদে।