[৫০৫]
ৰাম কৃষ্ণ ভাবিতে তেজয় কাল-সাপে।
হৰি ভকতক দুখ দিবে কাৰ বাপে॥
সাপে বস্তু গিলাৰদৰে কালেও জীৱক গ্ৰাস কৰে, কালৰ হাতত পৰি জীৱে পুনঃ পুনঃ জন্ম লাভ কৰি নানা লালাট ভুঞ্জে; কিন্তু একান্ত ভকতে ৰাম কৃষ্ণ নাম ললে সংসাৰত ভ্ৰমি ফুৰিব নালাগে। হৰিভক্ত ইমান তেজস্বী, ইমন শক্তিমান, যে তাক কেৱে কষ্ট দিব নোৱাৰে।
[ ৫০৬ ]
হৰিৰ কীৰ্ত্তন শুনি হুয়া মহাভয়।
কাল মৃত্যু দুয়ো থৰ-থৰিয়া কাম্পয়॥
হৰিনাম কীৰ্ত্তনৰ ইমান প্ৰভাৱ, যে কীৰ্ত্তনৰ ধ্বনি শুনিলে কাল আৰু মৃত্যুয়ে অতি ভয় পাই থৰথৰি কঁপে, অৰ্থাৎ একান্ত মনে নাম কীৰ্ত্তন কৰিলে কালে গ্ৰাস কৰিব নোৱাৰে, বা কালৰ বুকুত জীৱে আৰু জন্ম লাভ নকৰে, আৰু তেওঁক মৃত্যুৱেও চুব নোৱাৰে; কিয়নো একান্ত মনে নাম লোৱাৰ ফলত জীৱ মুক্ত হৈ যায়।
[৫০৭]
কেমনে জানিব হৰি নামৰ মহিমা।
ব্ৰহ্মা হৰ অনন্তে নপান্ত যাৰ সীমা॥
যি হৰিৰ নামৰ মাহাত্ম ব্ৰহ্মা, হৰ, অনন্ত আদিয়েও নাপায়,
তেনে হৰিনামৰ মাহাত্ম আমি কেনেকৈ বুজিম? অৰ্থাৎ হৰিৰ
২১