পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৯
সটীক নামঘোষা

শ্ৰৱণ কীৰ্ত্তনকে যোগসাৰ জানি সদায় একান্ত মনে হৰি নাম কীৰ্ত্তন কৰে। হৰিনাম এনে পৱিত্ৰ আৰু উপকাৰী।

[ ৪৯৯ ]

হৰিনাম কীৰ্ত্তনৰ শৱদ তুমুল।
আনন্দৰ ভৰে হোৱে ভকত আকুল॥

আনন্দৰ ভৰে—আনন্দত, সন্তোষৰ কাৰণে।

 হৰিনাম কীৰ্ত্তনৰ গুৰু গম্ভীৰ শব্দ ভক্তসকলে শুনি আনন্দত আকুল হয় অৰ্থাৎ তেওঁলোকৰ হিয়া আনন্দত নধৰা হয়।

[ ৫০০ ]

ৰামকৃষ্ণ নামৰ দেখিয়ো কেনে বল।
অধমকো কৰে নামে পৰম নিৰ্ম্মল॥

 ৰাম কৃষ্ণ নামৰ বল কেনে চোৱাঁ, এই নামকীৰ্ত্তন কৰিলে ই অধমকো সংসাৰৰপৰা মুক্তি দিয়ে অৰ্থাৎ অতি পাপী সকলেও যদি নাম কীৰ্ত্তন কৰে, সেইসকলেও তাৰ ফলত মুক্তিলাভ কৰে।

[৫০১]

হৰিনামে নাহিকে নিয়ম অধিকাৰী।
ৰাম বুলি ভৰে মিৰি অহম কছাৰী॥

 ভগৱানৰ নাম লৱলৈ কোনো ধৰা-বন্ধা নিয়ম নাই, আৰু অন্যান্য বীজমন্ত্ৰ লোৱাৰ দৰে তাৰ অধিকাৰী অনধিকাৰী ভেদো নাই; অৰ্থাৎ এই মন্ত্ৰ এই জাতিয়ে লব পাৰে, সেই জাতিয়ে নোৱাৰে;