পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৮
সটীক নামঘোষা


[ ৪৯৭ ]

ৰাম কৃষ্ণ নাম ভকতৰ মহাধন।
সদা নাম লৱয় আনন্দ কৰি মন॥

 ৰাম কৃষ্ণ আদি ভগৱানৰ নামেই ভকতৰ মনত মহা মূল্যৱান ধনৰ স্বৰূপ; ভক্তে নামৰ বাহিৰে সংসাৰত অন্য বস্তু কামনা নকৰে; সেয়ে ভক্তসকলে পৰমানন্দ মনে নাম কীৰ্ত্তন কৰে।

[ ৪৯৮ ]

অনন্ত নাৰদ শুক সনতকুমাৰ।
তাৰা গাৱে হৰি যশ জানি যোগ সাৰ॥

অনন্ত-সৰ্পৰাজ, ব্ৰহ্মাৰ আদেশ পাতাললৈ যায় আৰু পৃথিবীক

মূৰৰ ওপৰত ধৰি থাকে; তেওঁ সেই কঠোৰ তপস্যা কৰিছিল।

নাৰদ—ব্ৰহ্মাৰ মানস পুত্ৰ, ব্ৰহ্মাই তেওঁক সৃষ্টি কাৰ্য্যৰ ভাৰ লবলৈ

কোৱাত তেওঁৰ ঈশ্বৰ সাধনাত বিঘ্নি হব বুলি সেই ভাৰ
গ্ৰহণ নকৰিলে। ব্ৰহ্মাৰ শপত তেওঁ গন্ধৰ্ব আৰু মানুহ
জন্ম পায়। তেওঁ পৰম হৰিভক্ত আছিল।

শুক—বেদব্যাসৰ পুত্ৰ। তেওঁ এজন ঋষি। পৰীক্ষিতক ভাগ

শুনাইছিল।

সনতকুমাৰ—ব্ৰহ্মাৰ মানস পুত্ৰ; তেওঁ মহা তপস্বী আৰু ধৰ্ম্মজ্ঞ।

অন্যান্য ঋযি-মুনিসকণে তেওঁক বৰ মান্য কৰিছিল।
অনন্ত, নাৰদ, শুক, সনতকুমাৰ আদি ভক্তসকলে হৰিৰ নাম-গুণ