পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৭
সটীক নামঘোষা

 হৰিৰ নাম-গুণ কীৰ্ত্তন কৰিলে আৰু একান্ত মনে তেওঁক ভক্তি কৰিলে তেওঁ ভক্তৰ অধীন হয় অৰ্থাৎ ভকতে তেওঁক সততে অনু -ভৱ কৰিব পৰা হয়। এনে পৰম প্ৰিয়তম ভগৱানৰ নাম নলৈ লোক অধোগামী হয় অৰ্থাৎ বিষয়ত আবদ্ধ থাকি নানা কষ্ট ভোগ কৰিব লগা হয়।

[ ৪৯৫ ]

ৰাম কৃষ্ণ হৰি নাম মুখে থাকে যাৰ।
সেহিসে হৰিৰ প্ৰিয় হৰি ভৈলা তাৰ॥

 যি সদায় ভগৱানৰ ৰাম-কৃষ্ণ আদি নাম একান্ত মনে লয়, সেই লোক হৰিৰ অতি প্ৰিয় হয় আৰু হৰিও সেই লোকৰ অতি প্ৰিয় হয় অৰ্থাৎ সেই লোকে হৰিক নাভাবি থাকিব নোৱাৰা হয় আৰু হৰিও সেই লোকৰ অন্তৰত দেখা নিদি থাকিব নোৱাৰে।

মহিমা

[ ৪৯৬ ]

ৰাম কৃষ্ণ হৰি যিটো সততে বোলয়।
সিটো মহাজনে মুকুতিকো নগণয়॥

 যি সদায় ভগৱানৰ ৰাম-কৃষ্ণ আদি নাম লয়, সেই লোকৰ নামত এনে ৰস জন্মে, যে তেওঁ মুক্তি পদকো শ্ৰেষ্ঠ বুলি গণ্য নকৰে। নাম ৰসতে তেওঁ সদায় বিভোল হৈ থাকে।