পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৬
সটীক নামঘোষা

 নৱ জন্মত হৰিক ভক্তি কৰি ভক্তিৰস পান কৰিব পাৰি দেখি ব্ৰহ্মা আদি দেৱসকলেও এনে নৰতনু পাবলৈ ভগৱানক প্ৰাৰ্থনা কৰে।কিন্তু জীৱে এনে ব্ৰহ্মাৰ বাঞ্ছনীয় মানুহ জন্ম পায়ে। ভগৱানক ভক্তি নকৰে। সেই সুবিধাতে জীৱক ভগৱানৰ স্ৰজিত মায়াই আগুৰি মুক্তিৰপৰা বঞ্চিত কৰে, অৰ্থাৎ মায়াত পৰি জীৱে ভগৱানক ভক্তি নকৰা বাবে জীৱে মুক্ত হব নোৱাৰি সংসাৰত পুনঃ পুনঃ জন্মি ঘুৰি

[ ৪৯২ ]

একান্ত শৰণে যিটো নভজিলে হৰি।
দুৰ্ঘোৰ যাতনা ভুঞ্জিবেক মৰি মৰি॥

 যি লোকে একান্ত মনে ভগৱানক চিন্তা নকৰে ,সংসাৰৰ পৰা মুক্তি লাভ কৰিব নোৱাৰে-পুনঃ পুনঃ সংসাৰত জন্মি আৰু মৰি সংসাৰত নানা দুখ-কষ্ট ভোগ কৰে।

[ ৪৯৩]

হৰি পদ সেৱা সৰ্ব্ব শাস্ত্ৰৰ নিৰ্ণয়।
মূঢ়মতি মনুষ্যে ইহাক নজানয়॥

ভগৱানৰ সেৱা-পূজা কৰাই সকলো ধৰ্ম্মশাস্ত্ৰৰ সাৰ তত্ত্ব, অজ্ঞান মানুহে কিন্তু ইয়াক নাজান।

[ ৪৯৪ ]

হৰিকো কয় বশ্য কীৰ্ত্তন ভকতি।
হেননাম নধৰিয়া যায় অধোগতি॥